ৰাতি গৰম কাপোৰ-মোজা পিন্ধি শুৱে নেকি? জানেনে গৰম কাপোৰ পিন্ধি শুলে শৰীৰৰ কি ক্ষতি হয়?
আপুনিও ৰাতি গৰম কাপোৰ-মোজা পিন্ধি শোৱে নেকি? জানেনে গৰম কাপোৰ পিন্ধি শুলে শৰীৰৰ কি ক্ষতি হয়? সাধাৰণতে আমি প্ৰায়েই ঠাণ্ডা দিনত গৰম বা ঊণৰ কাপোৰ পিন্ধি শুই পৰো। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা অভ্যাসগতভাৱে আমি গৰম কাপোৰ পিন্ধি টোপনি যাওঁ। আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লে ঠাণ্ডা বেছিকৈ অনুভৱ হয়। ঠাণ্ডা দিনত সূৰ্যৰ তাপৰ প্ৰখৰতা কমি যোৱাৰ ফলত গৰম কাপোৰ বা জুই আমাৰ শেষ সম্বল হৈ পৰে। কিন্তু গৰম কাপোৰ পিন্ধি শোৱাৰ ফলত আমাৰ শৰীৰৰ বহু ক্ষতি হ'ব পাৰে। দীৰ্ঘ সময় ধৰি চুৱেটাৰ, মোজা পিন্ধি থাকিলে বা ৰাতি পিন্ধি শুলে আমাৰ শৰীৰত হোৱা ক্ষতিৰ কথা জানিলে আচৰিত হ'ব আপুনি! এই সম্পৰ্কে চিকিৎসকে কি পৰামৰ্শ জানো আহক।
ঠাণ্ডা দিনত গৰম কাপোৰ পিন্ধি শোৱাৰ ফলত আমাৰ শৰীৰৰ কি অসুবিধা বা সমস্যা হয় এই সম্পৰ্কে বিশিষ্ট চিকিৎসক অংশুমণি দাসে কয় যে ঠাণ্ডা দিনত গৰম কাপোৰ আৰু ডাঠ কাপোৰ পিন্ধি শুলে আমি আৰাম পাওঁ কিন্তু ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ কিছু সমস্য়া সৃষ্টি হয়। অধিক গৰম কাপোৰ পিন্ধি শুলে আমাৰ শৰীৰৰ তাপমাত্ৰা অধিক বৃদ্ধি পায় যাৰ ফলত টোপনিত ব্য়াঘাত জন্মিব পাৰে। টোপনি বেয়া হ'লে বা ক্ষতি হ'লে তেজৰ চাপ বৃদ্ধি হ'ব পাৰে আৰু উচ্চ ৰক্তচাপজনিত সমস্যা সৃষ্টি হ'ব পাৰে। ষ্ট্ৰেছ হ'ৰমনৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে শৰীৰত। গৰম কাপোৰ পিন্ধি শুলে শৰীৰত তেজ চলাচল হোৱাতো বাধাৰ সৃষ্টি হয়। হৃদজনিত সমস্যা আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
গতিকে ৰাতি শুবৰ সময়ত যিমান সম্ভৱ পাতল কাপোৰ পিন্ধি শুলে ভাল বুলি মন্তব্য কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে। ৰাতি মোজা পিন্ধি শুলেও তেজ চলাচলত বাধাৰ সৃষ্টি হয়। যিহেতু আমাৰ শৰীৰত এক প্ৰাকৃতিক উষ্ণতা থাকে গৰম কাপোৰ পিন্ধি শোৱাৰ ফলত শৰীৰৰ উষ্ণতা দুগুণে বৃদ্ধি পায়। মোজা পিন্ধি শোৱাৰ ফলত আমাৰ ভৰিত ঘাম জমা হ'ব পাৰে। এই ঘাম বাহিৰলৈ ওলাই অহাত অসুবিধা সৃষ্টি হোৱাৰ বাবে ইনফেকছন আদি হোৱাৰ সম্ভাৱনা অধিক হৈ উঠে। ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে বুলিও মন্তব্য কৰে চিকিৎসকগৰাকীয়ে।

