শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
ফেটি লিভাৰ ৰোগ বিশ্বব্যাপী দ্ৰুত বাঢ়ি থকাটোৱে স্বাস্থ্যজনিত সমস্যা হৈ থিয় দিছে৷ এই ৰোগত যেতিয়া আক্ৰান্ত হয় তেতিয়া অতিৰিক্ত চৰ্বি লিভাৰত জমা হয় আৰু প্ৰদাহ সৃষ্টি কৰে৷ সাম্প্ৰতিক সময়ত এটা বিষয় উল্লেখযোগ্যভাৱে সন্মুখলৈ আহিছে সেয়া হৈছে ৷
ভিটামিন বি ১২ৰ অভাৱ, যিয়ে ফেটি লিভাৰ বঢ়া আৰু পৰিস্থিতিৰ অৱনতিৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব পাৰে৷ ভিটামিন বি১২ শৰীৰত বহু গুৰুত্বপূৰ্ণ বিপাকীয় প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য৷ বিশেষকৈ চৰ্বিৰ বিপাক৷ ইয়াৰ অভাৱত হোমোচিষ্টিনৰ মাত্ৰা বঢ়াব পাৰে৷ যিয়ে অক্সিডেটিভ ষ্ট্ৰেছ বঢ়ায় আৰু সময়ৰ সৈতে লিভাৰৰ ক্ষতি কৰে৷
কেনেকৈ লিভাৰক প্ৰভাৱিত কৰে ভিটামিন B12য়ে?
ভিটামিন বি১২য়ে লিভাৰৰ বিপাকীয় কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ যেতিয়া ইয়াৰ ঘাটি হয় তেতিয়া লিভাৰে সঠিকভাৱে চৰ্বি প্ৰক্ৰিয়াজাত কৰিব আৰু নিৰ্গত কৰিব নোৱাৰে৷ ফলত এই চৰ্বি লিভাৰৰ কোষত জমা হয়৷ যিয়ে প্ৰদাহ সৃষ্টি কৰিব পাৰে৷ কেইবাটাও গৱেষণাত দেখা গৈছে যে NAFLD অৰ্থাৎ নন-এলকহলিক ফেটি লিভাৰ ডিজিজত আক্ৰান্ত ব্যক্তিৰ ভিটামিন B12ৰ মাত্ৰা স্বাভাৱিক ব্যক্তিৰ তুলনাত উল্লেখযোগ্যভাৱে কম৷ বি ১২ৰ অভাৱে হোমোচিষ্টিন বৃদ্ধি কৰে যিয়ে লিভাৰক আৰু দুৰ্বল কৰি দিব পাৰে৷ সৌভাগ্যবশত বি১২ৰ ছাপ্লিমেণ্টেছন হোমোচিষ্টিন কমাব আৰু লিভাৰৰ এনজাইমসমূহক উন্নত কৰিব পাৰে যিয়ে লিভাৰৰ অৱস্থাৰ অৱনতি ৰোধ কৰিব পাৰে৷
ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ কি কি?
ভিটামিন বি১২ৰ অভাৱত দেখা দিয়া সাধাৰণ লক্ষণ সমূহৰ ভিতৰত আছে ক্লান্তিভাৱ, দুৰ্বলতা, হাত আৰু ভৰিৰ ঝিনঝিননি আৰু মনোযোগত অসুবিধা হোৱা৷ ফেটি লিভাৰৰ লক্ষণসমূহ প্ৰায়েই দেৰিকৈ দেখা দিয়ে৷ এইসমূহ লক্ষণত বহু মানুহে বুজিব নোৱাৰে যে তেওঁলোকৰ এই ৰোগ হৈছে৷ কেতিয়াবা কেতিয়াবা B12ৰ অভাৱত পিত্তথলিত পাথৰ হোৱাৰো আশংকা বাঢ়ি যাব পাৰে৷ কাৰণ এই পিত্ত গঠন আৰু লিভাৰৰ বিপাকীয় কাৰ্যকলাপত ভূমিকা পালন কৰে৷ এইসমূহত সময়মতে ঘাটি চিহ্নিত কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷
কেনেকৈ ইয়াৰ পৰা ৰক্ষা পাব?
ভিটামিন বি১২ৰ অভাৱ কমাবলৈ সকলোতকৈ সহজ উপায় হৈছে খাদ্যতালিকাত পৰ্যাপ্ত পৰিমাণে মাংস, মাছ, কণী আৰু দুগ্ধজাত খাদ্য অন্তৰ্ভুক্ত কৰা৷ কিছু কিছু লোকৰ বয়স, ঔষধ বা হজমৰ সমস্যাৰ কাৰণে বি১২ৰ শোষণ কমি যায়৷ এই ধৰণৰ ক্ষেত্ৰত চিকিৎসকৰ নিৰ্দেশ অনুসৰি সম্পূৰক বা ইনজেকছন গ্ৰহণ কাৰ্যকৰ৷ এই ঘাটি পূৰণ কৰিলে কেৱল লিভাৰত জমা থকা চৰ্বি কমাব নোৱাৰি বৰং প্ৰদাহে কমি যায়৷

