Latest Notifications Update:

ভয়ংকৰ হাৰত বাঢ়িছে লিভাৰৰ সমস্যা! লিভাৰৰ সমস্যা নাইকিয়া কৰে অসমত উভৈনদী এইবিধ পাচলিয়ে!

অত্যধিক মদ্যপান কৰাৰ ফলত আমি সকলোৱে জানো যে আমাৰ লিভৰ নষ্ট হয়। লিভাৰৰ কোষবোৰ নষ্ট হোৱাৰ ফলত দুৰ্বল হৈ পৰা লিভাৰটোৱে ভালদৰে কাম কৰিব নোৱাৰা হয়। লিভাৰ হৈছে আমাৰ শৰীৰৰ একমাত্ৰ এক অংগ য'ৰ পৰা এবিধ প্ৰ'টিন নিৰ্গত হয়। এই প্ৰ'টিন বিধৰ নাম হৈছে এলব'মিন


আমি খোৱা প্ৰ'টিনযুক্ত খাদ্যবোৰ এলব'মিনলৈ ৰূপান্তৰ লিভাৰৰ দ্বাৰাই হয় আৰু লিভাৰ বেয়া হোৱা লোকৰ অৰ্থাৎ যিসকল লোকৰ বিশেষকৈ মদ খোৱাৰ ফলত লিভাৰ চিৰ'ছিচ হয় তেওঁলোকৰ শৰীৰত এই প্ৰ'টিনবিধৰ অভাৱ হোৱাৰ বাবে ফলত পেট ফুলা আৰু শৰীৰত পানী জমা হোৱাৰ দৰে ৰোগৰ লক্ষণে দেখা দিয়ে। এনেধৰণে লিভাৰ বেয়া হ'লে সহজতে লিভাৰটো ভাল কৰিব পৰা নাযায়। লিভাৰ সংৰোপণ কৰিব লগা হয় আৰু এই চিকিৎসা অতি ব্যয়বহুল হয়। এজন সুস্থ লোকৰ পৰা লিভাৰৰ কিছু অংশ লৈ সংৰোপণ কৰিব লগা হয়। আমাৰ লিভাৰটো হৈছে এনে এটা অংগ যিয়ে নিজৰ ক্ষতি হ'লে নিজেই সংশোধন কৰি লয়। গতিকে লিভাৰটোক সুস্থ কৰি ৰাখিব লাগে বুলি মন্তব্য কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসক অনুপ বৈশ্যই।

যিসকল লোকৰ এই লিভাৰৰ এই সমস্যা হৈছে ইতিমধ্যে চিকিৎসা আৰম্ভ হৈ গৈছে আৰু আৰম্ভণিতে যদি আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা চিকিৎসা কৰা যায় তেন্তে এই ৰোগ কিছু পৰিমাণে ভাল কৰিব পাৰি। এই সম্পৰ্কে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসক অনুপ বৈশ্যই কয় লিভাৰ চিৰছিচ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে ভাল কৰিব পৰা যায় যদিও সম্পূৰ্ণ নষ্ট হৈ গ'লে ইয়াক ভাল কৰাটো কঠিন হৈ পৰে। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত এনে বহু চিকিৎসা আছে যাৰ দ্বাৰা এজন ৰোগীক এই চিকিৎসা কৰা হয়।
Next Post